Manipur : কিয় জ্বলিছে মণিপুৰ? মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ কি?
মুকুন্দ মাধৱ নেওক : মণিপুৰত ঠায়ে ঠায়ে হিংসাৰ জুই জ্বলিয়ে আছে। ছেগা ছোৰোকাকৈ সংঘটিত হৈ আছে এটা সম্প্ৰদায়ৰ আনটো সম্প্ৰদায়ক আক্ৰমণ প্ৰত্যাক্ৰমণ। মণিপুৰত সশস্ত্ৰ বিদ্ৰোহ, সাম্প্ৰদায়িযক সংঘৰ্ষৰ পুৰণি ইতিহাস আছে। ১৯৯৩ চনত কুকি আৰু নগাৰ মাজত দীঘলীয়া সংঘৰ্ষৰ সাক্ষী মণিপুৰ। সেই বছৰৰ এপ্ৰিলতে আৰম্ভ হোৱা কুকি-নগাৰ সংঘৰ্ষ ডিচেম্বৰত অন্ত পৰিছিল যদিও সেই সংঘৰ্ষৰ প্ৰভাৱ ৰাজ্যখনে দশক ধৰি ভূগি আহিছে। কুকি-নগাৰ সংঘৰ্ষত চৰকাৰী তথ্য মতে ৭৫০ জন লোৰ নিহত হোৱাৰ লগতে নিচিহ্ন হৈ পৰিছিল প্ৰায় ৩৫০খন গাঁও। মণিপুৰত তেনে এক সংঘৰ্ষৰে যেন পুনৰাবৃত্তি ঘটিছে। এইবাৰ দশক দশক ধৰি একেলগে বসবাস কৰি অহা কুকি আৰু মেইটেইসকল হঠাতে অহি-নকুল হৈ পৰিছে। ভাতৃঘাতী সংঘৰ্ষত লিপ্ত হৈ পৰিছে।
মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ কি?
ম্যানমাৰৰ ২০২১ৰ সেনা অভ্যুত্থানেও বৰঙণি যোগাইছে নেকি মণিপুৰৰ হিংসাৰ?ম্যানমাৰৰ ২০২১ৰ বিদ্ৰোহে বহু লোকক দেশ এৰি মণিপুৰলৈ আহিবলৈ বাধ্য কৰিছিল। মণিপুৰৰ পাহাৰত এনে বহু শৰণাৰ্থীয়ে বসতি পাতিছে। ম্যানমাৰৰ শৰণাৰ্থীসকলক ভাৰতীয় নাগাৰিকত্ব নিদিবৰ বাবে এবছৰৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে তেনে লোকৰ বায়’মেট্ৰিক্স সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰি আহিছে। কিন্তু শেহতীয়ৈকৈ মণিপুৰ কেবিনেটৰ অনুমোদন অবিহনে এগৰাকী কেবিনেট মন্ত্ৰীয়ে ম্যানমাৰৰ লোকৰ বাবে পাহাৰত ৰাজহ গাঁও নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিলে। মণিপুৰৰ মন্ত্ৰী গৰাকীৰ এনে ঘোষণাই সমতলত বাস কৰি অহা মেইটেই লোকসকলক ক্ষোভিত কৰি তুলিলে । অ
: কিয় জ্বলিছে মণিপুৰ? মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ কি?
সম্পৰ্কীয় ভিডিঅ'
গছপুলি দুটা কাটি পেলালে, কান্দোনত ভাগি পৰিল কণমানি ভেলেণ্টিনা
শিক্ষকে হাতুৰিৰে কোবাই কোবাই ভাঙিলে শিক্ষাৰ্থীৰ ম’বাইল ফোন
মণিপুৰত ১০ কোটি টকাৰ ড্ৰাগছ জব্দ, ৩জনক গ্ৰেপ্তাৰ
মমতাময়ীলৈ সলনি হ’ল লৌহমানৱী!
বিজ্ঞাপন
মুকুন্দ মাধৱ নেওক : মণিপুৰত ঠায়ে ঠায়ে হিংসাৰ জুই জ্বলিয়ে আছে। ছেগা ছোৰোকাকৈ সংঘটিত হৈ আছে এটা সম্প্ৰদায়ৰ আনটো সম্প্ৰদায়ক আক্ৰমণ প্ৰত্যাক্ৰমণ। মণিপুৰত সশস্ত্ৰ বিদ্ৰোহ, সাম্প্ৰদায়িযক সংঘৰ্ষৰ পুৰণি ইতিহাস আছে। ১৯৯৩ চনত কুকি আৰু নগাৰ মাজত দীঘলীয়া সংঘৰ্ষৰ সাক্ষী মণিপুৰ। সেই বছৰৰ এপ্ৰিলতে আৰম্ভ হোৱা কুকি-নগাৰ সংঘৰ্ষ ডিচেম্বৰত অন্ত পৰিছিল যদিও সেই সংঘৰ্ষৰ প্ৰভাৱ ৰাজ্যখনে দশক ধৰি ভূগি আহিছে। কুকি-নগাৰ সংঘৰ্ষত চৰকাৰী তথ্য মতে ৭৫০ জন লোৰ নিহত হোৱাৰ লগতে নিচিহ্ন হৈ পৰিছিল প্ৰায় ৩৫০খন গাঁও।
মণিপুৰত তেনে এক সংঘৰ্ষৰে যেন পুনৰাবৃত্তি ঘটিছে। এইবাৰ দশক দশক ধৰি একেলগে বসবাস কৰি অহা কুকি আৰু মেইটেইসকল হঠাতে অহি-নকুল হৈ পৰিছে। ভাতৃঘাতী সংঘৰ্ষত লিপ্ত হৈ পৰিছে।
মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ কি?
ম্যানমাৰৰ ২০২১ৰ সেনা অভ্যুত্থানেও বৰঙণি যোগাইছে নেকি মণিপুৰৰ হিংসাৰ?ম্যানমাৰৰ ২০২১ৰ বিদ্ৰোহে বহু লোকক দেশ এৰি মণিপুৰলৈ আহিবলৈ বাধ্য কৰিছিল। মণিপুৰৰ পাহাৰত এনে বহু শৰণাৰ্থীয়ে বসতি পাতিছে। ম্যানমাৰৰ শৰণাৰ্থীসকলক ভাৰতীয় নাগাৰিকত্ব নিদিবৰ বাবে এবছৰৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে তেনে লোকৰ বায়’মেট্ৰিক্স সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰি আহিছে। কিন্তু শেহতীয়ৈকৈ মণিপুৰ কেবিনেটৰ অনুমোদন অবিহনে এগৰাকী কেবিনেট মন্ত্ৰীয়ে ম্যানমাৰৰ লোকৰ বাবে পাহাৰত ৰাজহ গাঁও নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰিলে। মণিপুৰৰ মন্ত্ৰী গৰাকীৰ এনে ঘোষণাই সমতলত বাস কৰি অহা মেইটেই লোকসকলক ক্ষোভিত কৰি তুলিলে ।
সম্পৰ্কীয় বাতৰি
মণিপুৰৰ ভাইৰেল ভিডিঅ’ৰ গোচৰক লৈ কেন্দ্ৰীয় চৰকাৰে ল'লে ডাঙৰ সিদ্ধান্ত
পুনৰ জ্বলিছে মণিপুৰ! ম’ৰে চহৰত দুৰ্বৃত্তই জ্বলালে কেইবাটাও ঘৰ
অশান্ত মণিপুৰলৈ শান্তি কেতিয়া? বৰ্তমানলৈ গ্ৰেপ্তাৰ ৭জন অভিযুক্তক
মণিপুৰত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবীত ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ
আৰু পঢ়ক : অন্তৰীক্ষলৈ প্ৰথমবাৰৰ বাবে একেলগে যাব মাতৃ আৰু জীয়ৰী, সৃষ্টি হ'ব ইতিহাস ! কোন তেওঁলোক ?
মণিপুৰত ভূমি আবণ্টন সদায়ে এটা স্পৰ্শকাতৰ বিষয়। ৰাজ্যখনৰ ৯০ শতাংশ পাহাৰীয়া অঞ্চলেৰে পৰিবেষ্টিত। এই ৯০ শতাংশ পাহাৰীয়া অঞ্চলত মণিপুৰৰ ৪০ শতাংশ লোকে বাস কৰি আহিছে। বিপৰীতে ১০শতাংশ সমতলত ৬০ শতাংশ লোক বাস কৰি আহিছে। বিদেশী শৰণাৰ্থী এদিন সমতললৈ আহিব বুলি মেইটেই সকলে সদায়ে শংকাত ভুগি আহিছে। বিপৰীতে উচ্চ ন্যায়ালয়ে মেইটেইসকলক অনুসূচিত জনজাতিৰ মৰ্যাদা দিয়া ৰায়টোৱে কুকিসকলক উত্তেজিত কৰি তুলিলে। এপ্ৰিলৰ মাজভাগত উচ্চ ন্যায়ালয়ে মেইটেইসকলক অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। মণিপুৰ ৰাজ্য চৰকাৰে প্ৰকাশ কৰা মতে উচ্চ ন্যায়ালয়ে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে আলোচনা নকৰাকৈ এই ৰায় দিছে। মণিপুৰ চৰকাৰে এপ্ৰিলৰ শেষ ভাগলৈ উচ্চ ন্যায়ালয়ৰ এই ৰায়ৰ পুনৰ বিবেচনাৰ বাবে আৱেদন জনায় যদিও সংশ্লিষ্ট ন্যায়ধীশগৰাকী ছুটিত থকাৰ বাবে সেই ৰায় পুনৰ বিবেচনা কৰা নহ’ল। আৰু পাহাৰীয়া কুকিসকলে পাই অহা সুবিধা, সমতলত থকা মেইটেইসকলে জব্দ কৰিব বুিল মেইটেইসকলৰ বিৰুদ্ধে গৰজি উঠিল কুকিসকল। ৩ মে’ৰ দিনা সাব্যস্ত কৰা কুকিসকলৰ প্ৰতিবাদে হিংসাত্মক ৰূপ ল’লে। প্ৰথম হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ ৩০ ঘণ্টাৰ ভিতৰতে কেন্দ্ৰই ৩৬ হাজাৰ চেন্ট্রেল ফ’ৰ্চ মণিপুৰলৈ প্ৰেৰণ কৰিলে। কিন্তু সময় যোৱাৰ লগে লগে মণিপুৰৰ হিংসাত্মক ঘটনা ক্ৰমে বৃদ্ধি পাই গৈ থাকিল। জ্বলি উঠিল ইখনৰ পিচত সিখন গাঁও। এই দুয়োটা কাৰণতে মণিপুৰত ৩ মে’ত আৰম্ভ হোৱা হিংসাত্মক ঘটনাৰ তৎকালিন কাৰণ হিচাপে বিবেচনা কৰা হৈছে।
লগতে পঢ়ক : মোক নামঘৰলৈ যোৱা বন্ধ নকৰিব, তাতকৈ এনকাউণ্টাৰ কৰক : ভূপেন বৰা
মণিপুৰৰ হিংসাত্মক পৰপিস্থিতিৰ আন এক কাৰণ হ’ল ম্যানমাৰৰ পৰা অবৈধ ড্ৰাগছৰ চোৰাং সৰবৰাহ। ১৯৬৮ চনতে ভাৰত ম্যানমাৰৰ চুক্তি অনুসৰি উভয় দেশৰ লোকে ভিছা নোহোৱাকৈ আনখন দেশৰ ১৬ কিলোমিটাৰ পৰ্যন্ত ভ্ৰমণ কৰিব পাৰে। পাছপৰ্ট ভিছা নোহোৱাকৈ তিনিদিন পৰ্যন্ত থাকিব পাৰে। ইয়াৰে সুবিধা লৈ ম্যানমাৰৰ সেনা অভ্যুত্থানৰ পিচৰে পৰা এই অঞ্চলটোত বৃদ্ধি পায় নিষিদ্ধ মাদক দ্ৰৱ্যৰ চোৱাং ব্যৱসায়। চৰকাৰী তথ্য অনুসৰি, ম্যানমাৰ সীমান্তৰে সৰবৰাহ হোৱা ড্ৰাগছৰ ২০২০ চনত জব্দ হোৱা পৰিমাণ ১৯৯৬ কিলোগ্ৰাম। ২০২১ চনত এই পৰিমাণ আছিল ২,৭০৭ কিলোগ্ৰাম। ২০২২ চনত জব্দ হোৱা ড্ৰাগছৰ পৰিমাণ কেইবাগুণো বৃদ্ধিৰে হ’লগৈ ১০,২৩২ কিলোগ্ৰাম। অবৈধ ড্ৰাগছ সৰবৰাহেৰে গঢ়ি উঠা বজাৰখনো মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ অন্যতম কাৰণ।
Comments
Post a Comment