Manipur : কিয় জ্বলিছে মণিপুৰ? মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ কি?
![Image](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhaykg60wzAuMWdzwCfJ1YMF7hBK7Y5BepzCsE8SgtCNMQjcFoHxu8Ws_dw9G5XIsbYZJumw2vtHngMigcBRbAOaQrZ0fVNB2iKH8HOT60qA4JWU8k2bSZsVsxJ08amNyQTVxEwuLPxsG3cIRRM5kZMEGDvREHNltXbc5qdfS6JwyvHXjFcYwbN8XAKMWA/s320/Picsart_23-07-28_19-49-04-359.jpg)
মুকুন্দ মাধৱ নেওক : মণিপুৰত ঠায়ে ঠায়ে হিংসাৰ জুই জ্বলিয়ে আছে। ছেগা ছোৰোকাকৈ সংঘটিত হৈ আছে এটা সম্প্ৰদায়ৰ আনটো সম্প্ৰদায়ক আক্ৰমণ প্ৰত্যাক্ৰমণ। মণিপুৰত সশস্ত্ৰ বিদ্ৰোহ, সাম্প্ৰদায়িযক সংঘৰ্ষৰ পুৰণি ইতিহাস আছে। ১৯৯৩ চনত কুকি আৰু নগাৰ মাজত দীঘলীয়া সংঘৰ্ষৰ সাক্ষী মণিপুৰ। সেই বছৰৰ এপ্ৰিলতে আৰম্ভ হোৱা কুকি-নগাৰ সংঘৰ্ষ ডিচেম্বৰত অন্ত পৰিছিল যদিও সেই সংঘৰ্ষৰ প্ৰভাৱ ৰাজ্যখনে দশক ধৰি ভূগি আহিছে। কুকি-নগাৰ সংঘৰ্ষত চৰকাৰী তথ্য মতে ৭৫০ জন লোৰ নিহত হোৱাৰ লগতে নিচিহ্ন হৈ পৰিছিল প্ৰায় ৩৫০খন গাঁও। মণিপুৰত তেনে এক সংঘৰ্ষৰে যেন পুনৰাবৃত্তি ঘটিছে। এইবাৰ দশক দশক ধৰি একেলগে বসবাস কৰি অহা কুকি আৰু মেইটেইসকল হঠাতে অহি-নকুল হৈ পৰিছে। ভাতৃঘাতী সংঘৰ্ষত লিপ্ত হৈ পৰিছে। মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰৰ প্ৰকৃত কাৰণ কি? ম্যানমাৰৰ ২০২১ৰ সেনা অভ্যুত্থানেও বৰঙণি যোগাইছে নেকি মণিপুৰৰ হিংসাৰ?ম্যানমাৰৰ ২০২১ৰ বিদ্ৰোহে বহু লোকক দেশ এৰি মণিপুৰলৈ আহিবলৈ বাধ্য কৰিছিল। মণিপুৰৰ পাহাৰত এনে বহু শৰণাৰ্থীয়ে বসতি পাতিছে। ম্যানমাৰৰ শৰণাৰ্থীসকলক ভাৰতীয় নাগাৰিকত্ব নিদিবৰ বাবে এবছৰৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে তেনে লোকৰ বায়’মেট্ৰিক্স সংগ্ৰহ...